বোধ কৰোঁ আপুনি দৈনন্দিন জীৱনত ক’ৰবাত নহয় ক’ৰবাত চাৰ্ভাৰ (Server) শব্দটো
শুনিবলৈ পাইছে নিশ্চয়। বিশেষকৈ আপুনি বেংকত টকা-পইচাৰ লেন-দেন কৰিবলৈ যাওঁতে নিশ্চয়
শুনিবলৈ পাইছে যে, আপুনি আজি লেন-দেন কৰিব নোৱাৰিব চাৰ্ভাৰ ডাউন হৈ আছে, অথবা আপোনাৰ
ম’বাইল ৰিচাৰ্জ কৰাবলৈ যাওঁতেও কেতিয়াবা শুনিবলৈ পাইছে যে আজি চাৰ্ভাৰ ডাউন হৈ আছে।
কি নো এই চাৰ্ভাৰ? হয়, চাৰ্ভাৰ শব্দটো কম্পিউটাৰ তথা ইন্টাৰনেটৰ লগতেই বিশেষভাৱে
জড়িত। আমি ইন্টাৰনেটৰ মাধ্যমেৰে বিভিন্ন তথ্য আমি বিচাৰিলে সহজেই পাওঁ। কম্পিউটাৰৰ অথবা আপোনাৰ ম’বাইল ফ’নটোৰ ব্ৰাউজাৰক আপুনি বিচাৰিব খোজা তথ্যখিনি বিচাৰি উলিয়াবৰ বাবে
উপযুক্ত নিৰ্দেশনা দিলে আপোনাক কম্পিউটাৰটোৱে অথবা ম’বাইলটোৱে ইন্টাৰনেটৰ মাধ্যমেৰে
তৎক্ষণাৎ আপোনাক যোগান ধৰে। এতিয়া ভাবক, আপোনাক যোগান ধৰা তথ্যখিনি ব্ৰাউজাৰে আপোনাক
ক’ৰ পৰা আনি দিলে? তথ্যখিনি কোনোবাইতো ব্ৰাউজাৰক প্ৰদান কৰিব লগিব নহয়নে? হয়, ইন্টাৰনেটত
উপলব্ধ সকলোবোৰ তথ্য কিছুমান মেচিনত সংৰক্ষণ কৰা থাকে আৰু সেই মেচিনবোৰেই ইউজাৰৰ কম্পিউটাৰক
বা ব্ৰাউজাৰক তথ্যৰ যোগান ধৰে। এই মেচিনবোৰ আন একো নহয়, এইবোৰো একো একোটা কম্পিউটাৰ
আৰু কিছুমান হাৰ্ডৱেৰৰ সমষ্টি, য’ত কিছুমান Server Program Load কৰা থাকে। এইবোৰেই
হ’ল চাৰ্ভাৰ। অৰ্থাৎ যিবোৰ কম্পিউটাৰ বা প্ৰগ্ৰেমৰ যোগেদি ইন্টাৰনেটৰ মাধ্যমেৰে আন
কম্পিউটাৰক তথ্য Serve কৰা হয় তেনেবোৰ কম্পিউটাৰ বা প্ৰগ্ৰেমকে চাৰ্ভাৰ বোলা হয়।
উদাহৰণস্বৰূপে, আপুনি যেতিয়া ব্ৰাউজাৰক Youtube.com ত কোনো ভিডিঅ’ এটা সন্ধান
কৰিবৰ বাবে নিৰ্দেশনা প্ৰদান কৰে তেতিয়া Youtube.com ৰ চাৰ্ভাৰত চাৰ্ভাৰ প্ৰগ্ৰেমবোৰে
সেই ভিডিঅ’টো উপলব্ধ আছে নে নাই বিচাৰে আৰু যদিহে থাকে Youtube.com ৰ চাৰ্ভাৰে আপোনাক
ভিডিঅ’টো যোগান ধৰে।
চাৰ্ভাৰৰ ব্যৱহাৰিক দিশৰ ওপৰত ভিত্তি কৰি ইয়াক দুটা ভাগত ভাগ কৰা হয় –
Dedicated Server আৰু Non-Dedicated Server.
Dedicated Server বোৰ 24x7 সক্ৰিয় হৈ থাকে। অনবৰতে এই চাৰ্ভাৰ বোৰে সক্ৰিয়
হৈ থাকি ইউজাৰ কম্পিউটাৰ বোৰক তথ্যৰ যোগান ধৰি থাকিব পাৰে। বিশেষকৈ ডাঙৰ ডাঙৰ কোম্পানীৰ
ৱেবচাইটবোৰত High Quality ৰ তথা High Speed Proccessor আৰু RAM ৰ ব্যৱহাৰ কৰা হয়।
আনহাতে আমি সাধাৰণ কামত ব্যৱহাৰ কৰা Laptop এটাতো Server Program
Install কৰি ল’লে আমাৰ Laptop টোৱেও Server ৰ কাম কৰিব পাৰে। স্কুল, কলেজ, অফিচ, হোটেল
আদিত Local Area Network ৰ জৰিয়তে একোটা কম্পিউটাৰক Server হিচাপে কাম কৰোৱা হয়, যিটো
কম্পিউটাৰৰ পৰা বা চাৰ্ভাৰৰ পৰা আন কম্পিউটাৰ বোৰে তথ্য সংগ্ৰহ কৰিব পাৰে। এনে চাৰ্ভাৰ
বোৰ 24x7 কাম কৰিবৰ বাবে ব্যৱহাৰ কৰা নহয়। এনেবোৰ Server ক Non-Dedicated Server বোলা
হয়।


Comments
Post a Comment