Skip to main content

কৃত্ৰিম বুদ্ধিমত্তা আৰু মানুহৰ ভৱিষ্যত

      বৰ্তমান সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশে যিটো পৰ্যায় পাইছেগৈ সেই বিষয়ে আমি সকলোৱেই জ্ঞাত। বৰ্তমান যুগটো যান্ত্ৰিকতাৰ যুগ। মানৱ সমাজে এতিয়া এনেকুৱা এটা অৱস্থাত উপনীত হৈছে, য'ত বিজ্ঞান-প্ৰযুক্তিৰ অবিহনে মানুহে জীৱন-ধাৰণ কৰাটো এক প্ৰকাৰে অসম্ভৱ বুলি
ক'ব পাৰি। ৰাতিপুৱা সাৰ পাই উঠাৰ পৰা ৰাতি শোৱাৰ আগমুহূৰ্তলৈকে আমি প্ৰত্যেকেই বিজ্ঞান-প্ৰযুক্তিৰ বিভিন্ন অৱদানবোৰৰ লগত জড়িত হৈ থাকো।

   বিজ্ঞান-প্ৰযুক্তিৰ তেনে এক অতুলনীয় আৱিষ্কাৰ হ'ল কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইন্টেলিজেন্স বা যাক আমি ৰবট বুলি ক'লে সকলোৱেই বুজি পাওঁ। কৃত্ৰিম বুদ্ধিমত্তা হৈছে কম্পিউটাৰ প্ৰগেমৰ দ্বাৰা পৰিচালিত যন্ত্ৰৰ দ্বাৰা প্ৰদৰ্শিত  বুদ্ধিমত্তা। কৃত্ৰিম বুদ্ধিমত্তা হ'ল কম্পিউটাৰ বিজ্ঞানৰ এটি শাখা, য'ত মানুহৰ বুদ্ধিমত্তা আৰু চিন্তাশক্তিক কম্পিউটাৰৰ দ্বাৰা অনাকৃত কৰাৰ চেষ্টা কৰা হয়।

      কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ আমি দৈনিক কৰি আছো। আমাৰ ম'বাইলত থকা ভাৰ্চুৱেল ব্যক্তিগত সহকাৰী যেনে- Google Assistant, Cortana, Siri আদিক আমি নিতৌ ব্যৱহাৰ কৰোঁ। বিত্তীয় সেৱাবোৰতো কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ হৈ আছে। গুগলে নিৰ্মাণ কৰা স্বয়ংচালিত গাড়ীবোৰৰ আঁৰতো আছে কৃত্ৰিম বুদ্ধিমত্তা। আজিৰ যুগত চিকিৎসা সেৱাতো ৰবট ব্যৱহাৰ হৈছে। ফেচবুকত কোনো ব্যক্তিৰ ফটো আপল'ড কৰিলে লগে লগেই সেই ব্যক্তিজনক টেগ কৰিবলৈ সংকেত দিয়া, বতৰৰ আগজাননী দিয়া আদিলৈকে কৃত্ৰিম বুদ্ধিমত্তাই নিজৰ পৰিসৰ বহল কৰিছে।

       কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ জীৱন-ধাৰণ প্ৰক্ৰিয়াক সহজ কৰি তুলিছে হয়, কিন্তু কৃত্ৰিম বুদ্ধিমত্তাই মানৱ সভ্যতাক ধ্বংস কৰি পেলাব যে নোৱাৰিব তাৰ নিশ্চয়তা নাই।
উদ্যোগ বা ফেক্টৰীবোৰতো কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত ৰবটৰ দ্বাৰা কাম কৰা হয়। যাৰ ফলত ফেক্টৰীত বনুৱাৰ প্ৰয়োজন কমি আহিছে। যিয়ে অদূৰ ভৱিষ্যতে নিবনুৱা সমস্যাতো অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে।
       অলপতে, ছৌদি আৰৱত বিশ্বৰ প্ৰথমটো মানৱসদৃশ ৰবটক নাগৰিকত্ব প্ৰদান কৰা হৈছে। ৰবটটো হেনছন ৰবটিক্স নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰিছে। যাৰ নাম হ'ল ছ'ফিয়া। ছ'ফিয়াই মানুহৰ লগত বাৰ্তালাপ কৰে, বাৰ্তালাপৰ মাজেৰে মানুহৰ মুখমণ্ডলৰ ভংগিমা পৰ্যবেক্ষণ কৰি মানুহৰ অনুভূতিবোৰ বুজিব পাৰে, মানুহৰ দৰেই অনুভূতিবোৰ অংগী-ভংগিৰে প্ৰকাশ কৰিব পাৰে। মুঠৰ ওপৰত ছ'ফিয়াই মানুহৰ দৰেই সকলো আৱেগ, অনুভূতি, খং আদি প্ৰকাশ কৰিব পাৰে। ছ'ফিয়াই বাৰ্তালাপৰ মাজে মাজে ব্যংগও কৰিব জানে।
      ছ'ফিয়াক এবাৰ ৰবটটোৰ নিৰ্মাতা ড° ডেভিদ হেনছনে কৰা প্ৰশ্নৰ উত্তৰত ছ'ফিয়াই ব্যংগ কৰি কৈছিল,"I will destroy human."

     গতিকে অনাগত ভৱিষ্যতত কৃত্ৰিম বুদ্ধিমত্তাই মানৱ সভ্যতাক ধ্বংস কৰি যে নেপেলাব তাক নিশ্চিতভাৱে কোৱা টান। হয়টো অদূৰ ভৱিষ্যতে হলীউদ ছবিবোৰত প্ৰদৰ্শন কৰাৰ দৰে মানুহৰ বুদ্ধিমত্তা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ মাজত এক অঘোষিত প্ৰতিযোগিতা হ'ব আৰু এই প্ৰতিযোগিতাত বিজয়ী হোৱা নোহোৱাটোৱেই বিচাৰ কৰিব মানৱ সভ্যতাৰ ভৱিষ্যত।

Comments

Popular posts from this blog

অ'জন স্তৰ কি?

   বায়ুমণ্ডলত অক্সিজেনক দ্বি-পাৰমাণৱিক অণু (O ₂ ) হিচাপে পোৱা যায়। কিন্তু বায়ুমণ্ডলৰ ওপৰৰ স্তৰত, অৰ্থাৎ বায়ুমণ্ডলৰ ষ্ট্ৰেট'স্ফিয়েৰত অক্সিজেন ত্ৰি-পাৰমাণৱিক অণু হিচাপে থাকে। ইয়াত  অক্সিজেনৰ তিনিটা পৰমাণু লগ লাগি O ₃ সংকেট গঠন কৰে আৰু ইয়াক অ'জন বুলি কোৱা হয়। এই অ'জনসমূহ সাধাৰণ দ্বি-পাৰমাণৱিক অক্সিজেনতকৈ বহুত বেলেগ। অ'জন এবিধ বিষাক্ত গেছ। কিন্তু বিষাক্ত গেছসমূহেও প্ৰয়োজনীয় কাম সম্পন্ন কৰে। অ'জনে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি  সমূহ পৃথিৱীলৈ অহাত বাধা দিয়ে। সূৰ্যৰ পৰা অহা এই অতি বেঙুনীয়া ৰশ্মিবোৰ বিষাক্ত, এই ৰশ্মিসমূহ যদি পৃথিৱীত আহি পৰে তেতিয়া জীৱকূলৰ ধ্বংস হ'ব পাৰে।     বৰ্তমান সময়ত অ'জন স্তৰৰ ক্ষয় হৈছে বুলি জানিব পৰা গৈছে। মানুহৰ কাৰুকাৰ্যৰ দ্বাৰা বায়ুমণ্ডলত কিছুমান ক্ল'ৰিণ আৰু ফ্ল'ৰিণ যুক্ত কাৰ্বন যৌগ বায়ুমণ্ডললৈ এৰি দিয়া হয় যাক ক্ল'ৰফ্ল'ৰ'কাৰ্বন (CFC) বুলি কোৱা হয়। এই CFC যৌগসমূহ অক্ষয় অৱস্থাত বায়ুমণ্ডলত ৰৈ যায়। অ'জন স্তৰত এই যৌগসমূহ সোমালে অ'জনৰ লগত ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰে। ইয়াৰ ফলত অ'জন স্তৰৰ ক্ষয় সৃষ্টি হ...

লাইছ’জ’মক (Lysosomes) কিয় আত্মঘাতী মোনা বোলা হয়?

    সকলো জীৱদেহ বিভিন্ন কোষৰ দ্বাৰা গঠিত হয়। উদ্ভিদ নতুবা প্ৰাণী কোষ যিয়েই নহওক কিয়, প্ৰত্যেকৰে কোষবিলাকত কোষাবৰণ, কোষকেন্দ্ৰ আৰু কোষপ্ৰৰস এই তিনিটা বৈশিষ্ট্য পোৱা যায়। কোষ এটাৰ আটাইবোৰ আভ্যন্তৰী প্ৰক্ৰিয়া আৰু কোষটোৰ পৰিৱেশৰ লগত থকা সম্বন্ধ এই তিনিটা বৈশিষ্ট্যৰ বাবেই সম্ভৱপৰ হয়।     একোটা কোষৰ কোষ প্ৰৰসত থকা জুলীয়া পদাৰ্থত বিশেষ কিছুমান কোষ অংগাণু থাকে। প্ৰতিটো কোষ অংগাণুৱেই কোষৰ নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰে। লাইছ’জ’মো হ’ল কোষ প্ৰৰসত থকা তেনে এবিধ কোষ অংগাণু। গঠনৰ ফালৰ পৰা লইছ’জ’ম বিলাক আৱৰণীযুক্ত বিশিষ্ট মোনা সদৃশ, য’ত কিছুমান পৰিপাকীয় উৎসেচক ভৰ্ত্তি হৈ থাকে। কোষৰ বিভিন্ন অংশ আৰু কোষ অংগাণুসমুহ     লাইছ’জ’ম নামৰ কোষ অংগাণুবিধ কোষৰ বৰ্জিত পদাৰ্থৰ নিষ্কাশন কাৰ্যৰ লগত জড়িত। অৰ্থাৎ লাইছ’জ’মে কোষত প্ৰৱেশ কৰা অলাগতিয়াল পদাৰ্থবোৰ তথা কোষত উৎপন্ন হোৱা অলাগতিয়াল পদাৰ্থবিলাক পৰিপাক কৰি কোষটোক নিকা কৰি ৰাখে। কোষত প্ৰৱেশ কৰা বাহিৰা পদাৰ্থ যেনে বেক্টেৰিয়া, খাদ্য, মৃত কোষ অংগাণু আদিক লাইছ’জ’মে ভাঙি কিছুমান সৰু সৰু পদাৰ্থত পৰিণত কৰে। লাইছ’জ’...
Creative Commons License
Ekhona by ekhona.blogspot.com is licensed under a Creative Commons Attribution 4.0 International License.
Based on a work at https://ekhona.blogspot.com.
Permissions beyond the scope of this license may be available at https://ekhona.blogspot.com.