Skip to main content

RAM আৰু ROM ৰ মাজত থকা কিছুমান পাৰ্থক্য।

RAM আৰু ROM ৰ মাজত থকা কিছুমান পাৰ্থক্যৰ বিষয়ে জানো আহক :-


➤ RAM হ'ল কম্পিউটাৰৰ প্ৰাইমেৰী মেমৰী। আনহাতে ROM হ'ল ছেকেণ্ডেৰী মেমৰী।


➤ ROM হ'ল এবিধ Non-Volatile মেমৰী। অৰ্থাৎ ROM ত আমি স্থায়ীভাৱে তথ্য সঞ্চয় কৰি ৰাখিব পাৰোঁ। আনহাতে, RAM হ'ল এবিধ Volatile মেমৰী। RAM ত আমি স্থায়ীভাৱে তথ্য সঞ্চয় কৰি ৰাখিব নোৱাৰোঁ।


➤ ROM ত বিদ্যুৎ প্ৰৱাহ  বন্ধ হৈ যোৱাৰ পিছতো ROM ত ৰখা তথ্যবোৰ সঞ্চয় হৈয়েই থাকে। আনহাতে, RAM ত কম্পিউটাৰৰ CPU ৰ দ্বাৰা বিভিন্ন কাৰ্য সম্পাদন কৰাৰ বাবে যিবোৰ প্ৰয়োজনীয় তথ্য ৰাখি লয় সেইবোৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ পিছত ডিলিট হৈ যায়।


➤ RAM ত সঘনাই কম্পিউটাৰৰ দ্বাৰা বিভিন্ন কাৰ্য সম্পাদন কৰিবলৈ প্ৰয়োজন হোৱা ফাইলবোৰ বা তথ্যবোৰ Write কৰি থকা হয়। কিন্তু ROM ত সঘনাই Data writing হৈ নাথাকে।


➤ ROM ত কম্পিউটাৰৰ এটা পৰিচালনৰ বাবে প্ৰয়োজন হোৱা Operating System Install কৰা থাকে। কিন্তু RAM ত কোনো Operating System নাইবা কোনো ধৰণৰ Software install কৰিব নোৱাৰি।


➤ আমি সাধাৰণতে ব্যৱহাৰ কৰা কম্পিউটাৰবোৰত সৰ্বাধিক ১২৮ ৰ পৰা ১৯২ জি বি লৈকে RAM ব্যৱহাৰ কৰিব পৰাৰ ব্যৱস্থা থাকে। আনহাতে আমি সাধাৰণতে ব্যৱহাৰ কৰা কম্পিউটাৰবোৰত ১ টি বি, ২ টি বি আদিও ROM ব্যৱহাৰ কৰিব পাৰোঁ। অৰ্থাৎ আমি কম্পিউটাৰত RAM ৰ তুলনাত বেছি কেপাচিটিৰ ROM ব্যৱহাৰ কৰিব পাৰোঁ।

Comments

Popular posts from this blog

অ'জন স্তৰ কি?

   বায়ুমণ্ডলত অক্সিজেনক দ্বি-পাৰমাণৱিক অণু (O ₂ ) হিচাপে পোৱা যায়। কিন্তু বায়ুমণ্ডলৰ ওপৰৰ স্তৰত, অৰ্থাৎ বায়ুমণ্ডলৰ ষ্ট্ৰেট'স্ফিয়েৰত অক্সিজেন ত্ৰি-পাৰমাণৱিক অণু হিচাপে থাকে। ইয়াত  অক্সিজেনৰ তিনিটা পৰমাণু লগ লাগি O ₃ সংকেট গঠন কৰে আৰু ইয়াক অ'জন বুলি কোৱা হয়। এই অ'জনসমূহ সাধাৰণ দ্বি-পাৰমাণৱিক অক্সিজেনতকৈ বহুত বেলেগ। অ'জন এবিধ বিষাক্ত গেছ। কিন্তু বিষাক্ত গেছসমূহেও প্ৰয়োজনীয় কাম সম্পন্ন কৰে। অ'জনে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি  সমূহ পৃথিৱীলৈ অহাত বাধা দিয়ে। সূৰ্যৰ পৰা অহা এই অতি বেঙুনীয়া ৰশ্মিবোৰ বিষাক্ত, এই ৰশ্মিসমূহ যদি পৃথিৱীত আহি পৰে তেতিয়া জীৱকূলৰ ধ্বংস হ'ব পাৰে।     বৰ্তমান সময়ত অ'জন স্তৰৰ ক্ষয় হৈছে বুলি জানিব পৰা গৈছে। মানুহৰ কাৰুকাৰ্যৰ দ্বাৰা বায়ুমণ্ডলত কিছুমান ক্ল'ৰিণ আৰু ফ্ল'ৰিণ যুক্ত কাৰ্বন যৌগ বায়ুমণ্ডললৈ এৰি দিয়া হয় যাক ক্ল'ৰফ্ল'ৰ'কাৰ্বন (CFC) বুলি কোৱা হয়। এই CFC যৌগসমূহ অক্ষয় অৱস্থাত বায়ুমণ্ডলত ৰৈ যায়। অ'জন স্তৰত এই যৌগসমূহ সোমালে অ'জনৰ লগত ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰে। ইয়াৰ ফলত অ'জন স্তৰৰ ক্ষয় সৃষ্টি হ...

লাইছ’জ’মক (Lysosomes) কিয় আত্মঘাতী মোনা বোলা হয়?

    সকলো জীৱদেহ বিভিন্ন কোষৰ দ্বাৰা গঠিত হয়। উদ্ভিদ নতুবা প্ৰাণী কোষ যিয়েই নহওক কিয়, প্ৰত্যেকৰে কোষবিলাকত কোষাবৰণ, কোষকেন্দ্ৰ আৰু কোষপ্ৰৰস এই তিনিটা বৈশিষ্ট্য পোৱা যায়। কোষ এটাৰ আটাইবোৰ আভ্যন্তৰী প্ৰক্ৰিয়া আৰু কোষটোৰ পৰিৱেশৰ লগত থকা সম্বন্ধ এই তিনিটা বৈশিষ্ট্যৰ বাবেই সম্ভৱপৰ হয়।     একোটা কোষৰ কোষ প্ৰৰসত থকা জুলীয়া পদাৰ্থত বিশেষ কিছুমান কোষ অংগাণু থাকে। প্ৰতিটো কোষ অংগাণুৱেই কোষৰ নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰে। লাইছ’জ’মো হ’ল কোষ প্ৰৰসত থকা তেনে এবিধ কোষ অংগাণু। গঠনৰ ফালৰ পৰা লইছ’জ’ম বিলাক আৱৰণীযুক্ত বিশিষ্ট মোনা সদৃশ, য’ত কিছুমান পৰিপাকীয় উৎসেচক ভৰ্ত্তি হৈ থাকে। কোষৰ বিভিন্ন অংশ আৰু কোষ অংগাণুসমুহ     লাইছ’জ’ম নামৰ কোষ অংগাণুবিধ কোষৰ বৰ্জিত পদাৰ্থৰ নিষ্কাশন কাৰ্যৰ লগত জড়িত। অৰ্থাৎ লাইছ’জ’মে কোষত প্ৰৱেশ কৰা অলাগতিয়াল পদাৰ্থবোৰ তথা কোষত উৎপন্ন হোৱা অলাগতিয়াল পদাৰ্থবিলাক পৰিপাক কৰি কোষটোক নিকা কৰি ৰাখে। কোষত প্ৰৱেশ কৰা বাহিৰা পদাৰ্থ যেনে বেক্টেৰিয়া, খাদ্য, মৃত কোষ অংগাণু আদিক লাইছ’জ’মে ভাঙি কিছুমান সৰু সৰু পদাৰ্থত পৰিণত কৰে। লাইছ’জ’...

কৃত্ৰিম বুদ্ধিমত্তা আৰু মানুহৰ ভৱিষ্যত

      বৰ্তমান সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশে যিটো পৰ্যায় পাইছেগৈ সেই বিষয়ে আমি সকলোৱেই জ্ঞাত। বৰ্তমান যুগটো যান্ত্ৰিকতাৰ যুগ। মানৱ সমাজে এতিয়া এনেকুৱা এটা অৱস্থাত উপনীত হৈছে, য'ত বিজ্ঞান-প্ৰযুক্তিৰ অবিহনে মানুহে জীৱন-ধাৰণ কৰাটো এক প্ৰকাৰে অসম্ভৱ বুলি
Creative Commons License
Ekhona by ekhona.blogspot.com is licensed under a Creative Commons Attribution 4.0 International License.
Based on a work at https://ekhona.blogspot.com.
Permissions beyond the scope of this license may be available at https://ekhona.blogspot.com.