Skip to main content

আমি ক্ৰয় কৰা 16GB Internal Memory বুলি লিখা থকা ম'বাইল ফ'ন এটাত কিয় 16GB ব্যৱহাৰযোগ্য Memory নাপাওঁ?

    SAMSUNG ৰ এণ্ড্ৰইড ম'বাইল এটা কিনিছিলো। কিনোতে দোকানীয়ে কৈছিল,"এই ফ'নটোত 16GB Internal Memory আছে, আপুনি
External Memory ব্যৱহাৰ নকৰাকৈয়ে বহুত ছেল্‌ফি তুলিব পাৰিব।" কিন্তু কেইদিনমানৰ পাছতে ফ'নটোৱে সতৰ্ক বাণী শুনাই আছে যে, আপুনি 8.9GB তকৈ অধিক মেমৰী ব্যৱহাৰ কৰিব নোৱাৰে।
    তাৰমানে মোক দোকানীয়ে ঠগিলে নেকি? নাই, দোকানীয়ে ঠগা নাই। ফ'নটোৰ লগত অহা বাকচটোতো দেখোন লিখা আছে 16GB Internal Memory. তেন্তে 8.9GB হে মই ব্যৱহাৰ কৰিব পাইছো কিয়? ক'ত গ'ল বাকীখিনি? এনেধৰণৰ বহুতো প্ৰশ্ন হয়তো আমাৰ প্ৰত্যেকৰে মনলৈ এবাৰ হ'লেও নহাকৈ থকা নাই। তেন্তে কিয় এনেকুৱা হয়?

    ইয়াৰ কাৰণটো হ'ল, ফ'ন মেকাৰ বা মেমৰী কাৰ্ড মেকাৰ কোম্পানীবোৰে মেমৰী কাৰ্ড বনাওঁতে তেওঁলোকৰ সুবিধাৰ্থে 1GB=1000MB হিচাপে গণ্য কৰে। যিটো আচলতে আমাৰ কম্পিউটাৰ বা ম'বাইল ফ'ন নতুবা ছফ্‌টৱেৰৰ Binary হিচাপত 1GB=1024 MB হ'ব লাগে।

    গতিকে, 16 GB বুলি লিখা সাধাৰণ মেমৰী কাৰ্ড এখনত আমি ম'বাইল ফ'ন, কম্পিউটাৰ নতুবা ছফ্‌টৱেৰৰ হিচাপত আমি 15.6GB মানহে ব্যৱহাৰ কৰিবলৈ পাওঁ। যিহেতু মেমৰী কাৰ্ড মেকাৰসকলৰ হিচাপত 16GB=16000MB, যিটো কম্পিউটাৰৰ হিচাপত 16000MB ৰ মেমৰীখন হয়গৈ 15.6GB (16000/1024).
      অৰ্থাৎ মেমৰী কাৰ্ড মেকাৰসকলে মেমেৰীৰ Capacity ৰ হিচাপক দশমিক সংখ্যাৰ ভিত্তিত নিৰূপণ কৰে, তেওঁলোকৰ সুবিধাৰ্থে। আৰু কম্পিউটাৰ বা ছফ্‌টৱেৰে হিচাপ কৰা পদ্ধতিটো Binary একক পদ্ধতি।
    ইয়াৰোপৰি 16GB Internal Memory থকা ফ'নটোত 8.9GB হে ব্যৱহাৰোপযোগী মেমৰী Capacity থকা কথাটোৰ লগত আন কিছুমান কথা জড়িত হৈ আছে।
  • প্ৰথমতে, যিহেতু মেমৰী কাৰ্ড মেকাৰসকলে 16GB=16000MB হিচাপে গণ্য কৰে, সেয়ে ইয়াৰ প্ৰকৃত Capacity হ'ল 15.6GB.
  • দ্বিতীয়তে, আমাৰ ম'বাইল ফ'নবোৰত একোটাকৈ Operating System install কৰা থাকে। এই Operating System বোৰ ম'বাইল ফ'নৰ Internal Memory তেই install কৰা থাকে বা সাধাৰণ অৰ্থত ছেভ কৰা থাকে। গতিকে 15.6GB Capacity থকা মেমৰী কাৰ্ডখনৰ এটা অংশ Operating System টোৰ বাবে সুকীয়াকৈ ৰাখি থোৱা হয়।

      গতিকে 15.6GB ৰ পৰাও কমি গৈ ব্যৱহাৰ কৰোঁতাজনৰ বাবে ব্যৱহাৰোপযোগী মেমৰী Capacity 8.9GB হে ৰয়গৈ।
      16GB Internal Memory থকা বেলেগ বেলেগ কোম্পানীৰ বেলেগ বেলেগ ম'ডেলৰ ফ'নবোৰৰ প্ৰত্যেকৰে ব্যৱহাৰোপযোগী মেমৰী Capacity বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। এইটো নিৰ্ভৰ কৰে ফ'নটোত কেনেধৰণৰ Operating System install কৰা আছে।

Comments

Popular posts from this blog

অ'জন স্তৰ কি?

   বায়ুমণ্ডলত অক্সিজেনক দ্বি-পাৰমাণৱিক অণু (O ₂ ) হিচাপে পোৱা যায়। কিন্তু বায়ুমণ্ডলৰ ওপৰৰ স্তৰত, অৰ্থাৎ বায়ুমণ্ডলৰ ষ্ট্ৰেট'স্ফিয়েৰত অক্সিজেন ত্ৰি-পাৰমাণৱিক অণু হিচাপে থাকে। ইয়াত  অক্সিজেনৰ তিনিটা পৰমাণু লগ লাগি O ₃ সংকেট গঠন কৰে আৰু ইয়াক অ'জন বুলি কোৱা হয়। এই অ'জনসমূহ সাধাৰণ দ্বি-পাৰমাণৱিক অক্সিজেনতকৈ বহুত বেলেগ। অ'জন এবিধ বিষাক্ত গেছ। কিন্তু বিষাক্ত গেছসমূহেও প্ৰয়োজনীয় কাম সম্পন্ন কৰে। অ'জনে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি  সমূহ পৃথিৱীলৈ অহাত বাধা দিয়ে। সূৰ্যৰ পৰা অহা এই অতি বেঙুনীয়া ৰশ্মিবোৰ বিষাক্ত, এই ৰশ্মিসমূহ যদি পৃথিৱীত আহি পৰে তেতিয়া জীৱকূলৰ ধ্বংস হ'ব পাৰে।     বৰ্তমান সময়ত অ'জন স্তৰৰ ক্ষয় হৈছে বুলি জানিব পৰা গৈছে। মানুহৰ কাৰুকাৰ্যৰ দ্বাৰা বায়ুমণ্ডলত কিছুমান ক্ল'ৰিণ আৰু ফ্ল'ৰিণ যুক্ত কাৰ্বন যৌগ বায়ুমণ্ডললৈ এৰি দিয়া হয় যাক ক্ল'ৰফ্ল'ৰ'কাৰ্বন (CFC) বুলি কোৱা হয়। এই CFC যৌগসমূহ অক্ষয় অৱস্থাত বায়ুমণ্ডলত ৰৈ যায়। অ'জন স্তৰত এই যৌগসমূহ সোমালে অ'জনৰ লগত ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰে। ইয়াৰ ফলত অ'জন স্তৰৰ ক্ষয় সৃষ্টি হ...

লাইছ’জ’মক (Lysosomes) কিয় আত্মঘাতী মোনা বোলা হয়?

    সকলো জীৱদেহ বিভিন্ন কোষৰ দ্বাৰা গঠিত হয়। উদ্ভিদ নতুবা প্ৰাণী কোষ যিয়েই নহওক কিয়, প্ৰত্যেকৰে কোষবিলাকত কোষাবৰণ, কোষকেন্দ্ৰ আৰু কোষপ্ৰৰস এই তিনিটা বৈশিষ্ট্য পোৱা যায়। কোষ এটাৰ আটাইবোৰ আভ্যন্তৰী প্ৰক্ৰিয়া আৰু কোষটোৰ পৰিৱেশৰ লগত থকা সম্বন্ধ এই তিনিটা বৈশিষ্ট্যৰ বাবেই সম্ভৱপৰ হয়।     একোটা কোষৰ কোষ প্ৰৰসত থকা জুলীয়া পদাৰ্থত বিশেষ কিছুমান কোষ অংগাণু থাকে। প্ৰতিটো কোষ অংগাণুৱেই কোষৰ নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰে। লাইছ’জ’মো হ’ল কোষ প্ৰৰসত থকা তেনে এবিধ কোষ অংগাণু। গঠনৰ ফালৰ পৰা লইছ’জ’ম বিলাক আৱৰণীযুক্ত বিশিষ্ট মোনা সদৃশ, য’ত কিছুমান পৰিপাকীয় উৎসেচক ভৰ্ত্তি হৈ থাকে। কোষৰ বিভিন্ন অংশ আৰু কোষ অংগাণুসমুহ     লাইছ’জ’ম নামৰ কোষ অংগাণুবিধ কোষৰ বৰ্জিত পদাৰ্থৰ নিষ্কাশন কাৰ্যৰ লগত জড়িত। অৰ্থাৎ লাইছ’জ’মে কোষত প্ৰৱেশ কৰা অলাগতিয়াল পদাৰ্থবোৰ তথা কোষত উৎপন্ন হোৱা অলাগতিয়াল পদাৰ্থবিলাক পৰিপাক কৰি কোষটোক নিকা কৰি ৰাখে। কোষত প্ৰৱেশ কৰা বাহিৰা পদাৰ্থ যেনে বেক্টেৰিয়া, খাদ্য, মৃত কোষ অংগাণু আদিক লাইছ’জ’মে ভাঙি কিছুমান সৰু সৰু পদাৰ্থত পৰিণত কৰে। লাইছ’জ’...

কৃত্ৰিম বুদ্ধিমত্তা আৰু মানুহৰ ভৱিষ্যত

      বৰ্তমান সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশে যিটো পৰ্যায় পাইছেগৈ সেই বিষয়ে আমি সকলোৱেই জ্ঞাত। বৰ্তমান যুগটো যান্ত্ৰিকতাৰ যুগ। মানৱ সমাজে এতিয়া এনেকুৱা এটা অৱস্থাত উপনীত হৈছে, য'ত বিজ্ঞান-প্ৰযুক্তিৰ অবিহনে মানুহে জীৱন-ধাৰণ কৰাটো এক প্ৰকাৰে অসম্ভৱ বুলি
Creative Commons License
Ekhona by ekhona.blogspot.com is licensed under a Creative Commons Attribution 4.0 International License.
Based on a work at https://ekhona.blogspot.com.
Permissions beyond the scope of this license may be available at https://ekhona.blogspot.com.