ৰাসায়নিক বিক্ৰিয়াৰ সময়ত মৌলৰ পৰমাণুবোৰে ইহঁতৰ যোজক কক্ষত আঠটা ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ কৰিব বিচাৰে। ইয়াৰ দ্বাৰা পৰমাণু এটাই পৰ্যাবৃত্ত তালিকাত ইয়াৰ ওচৰৰ সম্ভ্ৰান্ত গেছটোৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰে। ইয়াকে অষ্টক নিয়ম বোলে।
মৌল এটাৰ পৰমাণুবোৰে ইলেক্ট্ৰন লাভ কৰি, হেৰুৱাই বা ভাগ বতোৱাৰা কৰি এই কাৰ্য সম্পাদন কৰে বা যোজক কক্ষত আঠটা ইলেক্ট্ৰন পাব বিচাৰে।
উদাহৰণস্বৰূপে, ফ্ল'ৰিণৰ পৰমাণুৰ বহিৰতম শ্বেলত বা যোজক কক্ষত সাতটা ইলেক্ট্ৰন থাকে। গতিকে ফ্ল'ৰিণৰ পৰমাণু এটাই আন মৌলৰ পৰমাণু এটাৰ পৰা এটা ইলেক্ট্ৰন লাভ কৰি ইয়াৰ যোজক কক্ষত আঠটা ইলেক্ট্ৰনেৰে সম্পূৰ্ণ কৰাটো ফ'ৰিণৰ বাবে সহজ।

Comments
Post a Comment