সকলো জীৱদেহ বিভিন্ন কোষৰ দ্বাৰা গঠিত হয়। উদ্ভিদ নতুবা প্ৰাণী কোষ যিয়েই নহওক কিয়, প্ৰত্যেকৰে কোষবিলাকত কোষাবৰণ, কোষকেন্দ্ৰ আৰু কোষপ্ৰৰস এই তিনিটা বৈশিষ্ট্য পোৱা যায়। কোষ এটাৰ আটাইবোৰ আভ্যন্তৰী প্ৰক্ৰিয়া আৰু কোষটোৰ পৰিৱেশৰ লগত থকা সম্বন্ধ এই তিনিটা বৈশিষ্ট্যৰ বাবেই সম্ভৱপৰ হয়। একোটা কোষৰ কোষ প্ৰৰসত থকা জুলীয়া পদাৰ্থত বিশেষ কিছুমান কোষ অংগাণু থাকে। প্ৰতিটো কোষ অংগাণুৱেই কোষৰ নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰে। লাইছ’জ’মো হ’ল কোষ প্ৰৰসত থকা তেনে এবিধ কোষ অংগাণু। গঠনৰ ফালৰ পৰা লইছ’জ’ম বিলাক আৱৰণীযুক্ত বিশিষ্ট মোনা সদৃশ, য’ত কিছুমান পৰিপাকীয় উৎসেচক ভৰ্ত্তি হৈ থাকে। কোষৰ বিভিন্ন অংশ আৰু কোষ অংগাণুসমুহ লাইছ’জ’ম নামৰ কোষ অংগাণুবিধ কোষৰ বৰ্জিত পদাৰ্থৰ নিষ্কাশন কাৰ্যৰ লগত জড়িত। অৰ্থাৎ লাইছ’জ’মে কোষত প্ৰৱেশ কৰা অলাগতিয়াল পদাৰ্থবোৰ তথা কোষত উৎপন্ন হোৱা অলাগতিয়াল পদাৰ্থবিলাক পৰিপাক কৰি কোষটোক নিকা কৰি ৰাখে। কোষত প্ৰৱেশ কৰা বাহিৰা পদাৰ্থ যেনে বেক্টেৰিয়া, খাদ্য, মৃত কোষ অংগাণু আদিক লাইছ’জ’মে ভাঙি কিছুমান সৰু সৰু পদাৰ্থত পৰিণত কৰে। লাইছ’জ’...
