Skip to main content

Posts

Showing posts from January, 2018

অ'জন স্তৰ কি?

   বায়ুমণ্ডলত অক্সিজেনক দ্বি-পাৰমাণৱিক অণু (O ₂ ) হিচাপে পোৱা যায়। কিন্তু বায়ুমণ্ডলৰ ওপৰৰ স্তৰত, অৰ্থাৎ বায়ুমণ্ডলৰ ষ্ট্ৰেট'স্ফিয়েৰত অক্সিজেন ত্ৰি-পাৰমাণৱিক অণু হিচাপে থাকে। ইয়াত  অক্সিজেনৰ তিনিটা পৰমাণু লগ লাগি O ₃ সংকেট গঠন কৰে আৰু ইয়াক অ'জন বুলি কোৱা হয়। এই অ'জনসমূহ সাধাৰণ দ্বি-পাৰমাণৱিক অক্সিজেনতকৈ বহুত বেলেগ। অ'জন এবিধ বিষাক্ত গেছ। কিন্তু বিষাক্ত গেছসমূহেও প্ৰয়োজনীয় কাম সম্পন্ন কৰে। অ'জনে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি  সমূহ পৃথিৱীলৈ অহাত বাধা দিয়ে। সূৰ্যৰ পৰা অহা এই অতি বেঙুনীয়া ৰশ্মিবোৰ বিষাক্ত, এই ৰশ্মিসমূহ যদি পৃথিৱীত আহি পৰে তেতিয়া জীৱকূলৰ ধ্বংস হ'ব পাৰে।     বৰ্তমান সময়ত অ'জন স্তৰৰ ক্ষয় হৈছে বুলি জানিব পৰা গৈছে। মানুহৰ কাৰুকাৰ্যৰ দ্বাৰা বায়ুমণ্ডলত কিছুমান ক্ল'ৰিণ আৰু ফ্ল'ৰিণ যুক্ত কাৰ্বন যৌগ বায়ুমণ্ডললৈ এৰি দিয়া হয় যাক ক্ল'ৰফ্ল'ৰ'কাৰ্বন (CFC) বুলি কোৱা হয়। এই CFC যৌগসমূহ অক্ষয় অৱস্থাত বায়ুমণ্ডলত ৰৈ যায়। অ'জন স্তৰত এই যৌগসমূহ সোমালে অ'জনৰ লগত ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰে। ইয়াৰ ফলত অ'জন স্তৰৰ ক্ষয় সৃষ্টি হ...

অণু কি?

পদাৰ্থৰ অণু হ'ল ৰাসায়নিকভাৱে যোজিত অৰ্থাৎ আকৰ্ষণীবলৰ দ্বাৰা দৃঢ়ভাৱে লগ হৈ থকা দুটা বা ততোধিক পৰমাণুৰ একোটা গোট। অণু হ'ল ক্ষুদ্ৰ কণা, যি মৌল বা যৌগ এটাৰ সকলোবোৰ ধৰ্ম প্ৰদৰ্শন কৰে। একে বা বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰ একেলগ হৈ অণু গঠন কৰে। মৌলৰ অণু :-  মৌল এটাৰ অণুবোৰ একেধৰণৰ পৰমাণুৰে গঠিত। উদাহৰণস্বৰূপে, অক্সিজেনৰ এটা অণু অক্সিজেনৰ দুটা পৰমাণুৰে গঠিত। ইয়াক O₂ হিচাপে লিখা হয় বা জনা যায়। (সেয়ে ইয়াক দ্বি-পাৰমাণৱিক অণু বুলিও কোৱা হয়) যৌগৰ অণু :- বেলেগ বেলেগ মৌলৰ পৰমাণুৰ নিৰ্দিষ্ট অনুপাতত লগ হৈ যৌগৰ অণু গঠন কৰে। উদাহৰণস্বৰূপে পানীৰ অণু এটাত হাইড্ৰ'জেনৰ এটা আৰু অক্সিজেনৰ দুটা পৰমাণু লগ হৈ থাকে (H₂O)।
Creative Commons License
Ekhona by ekhona.blogspot.com is licensed under a Creative Commons Attribution 4.0 International License.
Based on a work at https://ekhona.blogspot.com.
Permissions beyond the scope of this license may be available at https://ekhona.blogspot.com.